The Soda Pop
মুখ্য পৃষ্ঠা
06/04/2513:32

•হৃদয়ত প্ৰিয়তমাৰ ছবি•

কেতিয়াবা কাৰোবাৰ চকুত চকু থৈ সুধিবলৈ মন যায় একেই থাকিনে বাৰু পাৰ হৈ যোৱা সময়ৰ আবেগ ?একেই থাকিলে মৃত মানুহ বোৰ চিতাত একান্ত মনেৰে শুই থকাৰ পৰত ?মোৰ ল'ৰালিৰ দিনৰ পৰা চিনাকি দ্ৰোপাং খন একেই আছে |একেই আছে তাৰ ঝিৰ ঝিৰ শব্দ |একেই আছে অসম অৰুণাচল সীমান্ত | একেই শংকৰ-মাৱৱ অথবা গোঁহাই কমল বিদ্যালয় |মাথো সলনি হ'ল সময় |সলনি হ'ল প্ৰিয় মানুহবোৰ ,মনবোৰ |

আবেগে প্ৰশ্ন কৰে হাজাৰ বাৰ নিজকে |মৌনতাত উত্তৰ বিচাৰি হাঁহাকাৰ কৰো |হাজাৰ হাজাৰ সমাগম এতিয়া ব্যস্ত পৃথিৱীত |কোনো কাপুৰুষৰ ডায়েৰীত মৰম বোৰ নষ্টালজিয়া হোৱাৰ যন্ত্ৰণা |বিষাদত বৰষুণ সৰে নেকি ? নাই.... সময়ৰ বাবে এয়া এক অবান্তৰ প্ৰশ্ন |তেনে তেজৰ সম্পৰ্ক থাকিলেই মানুহ সুখী হ'ব পাৰে জানো ?নিশ্চয় নোৱাৰে | লাগে মাথো একেখি কোমল হৃদয় |

মই পৰা আমি হোৱাৰ সপোন মোৰ নাই |সেয়েই সুখী | কাৰোবাৰ বাবে উত্সৰ্গা নহয় "জীৱন ডায়েৰীৰ পৃষ্ঠা লুটিয়াই |"তেওঁ তৰাৰ পোচাক পিন্ধিলে কাহানিবাই..... আৰু মই ৰবটৰ পোচাক | যান্ত্ৰিক পৃথিৱীৰ আবেগহীন এক মানৱ যন্ত্ৰ | কাৰোবাৰ স্মৃতিৰ এটা তেজ মঙহৰ পুতলা | হৃদয়ৰ ভাষাত এটি কবিতা , প্ৰেমৰ কথাৰে "হৃদয়ত প্ৰেয়সীৰ ছবি" | মোৰ সপোনেই সমাধি , এতিয়া যে দীঘল হয় অলেখ ৰাতি